Popiya Tora - Zubeen Garg

Popiya Tora

Zubeen Garg

00:00

04:09

Similar recommendations

Lyric

তুমি যেন পপীয়া তৰা, আকাশৰ বোৱঁতী নৈ

তুমি যেন আৱৰি ধৰা ভিতৰে-বাহিৰে বৈ

উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ

তুমি যেন পপীয়া তৰা, আকাশৰ বোৱঁতী নৈ

তোমাতে আদি-অনাদি

তোমাৰে নামৰ ৰাগিণী

ওঁঠৰে তৃষা সামৰি

দুহাতৰ কোমল আঙুলি

পৰশি উজাই নামনি

আৱেগত বাগৰ সলনি

উশাহৰ গভীৰ পিয়াহত তোমাতেই লিখা জীৱনী

তুমি যেন পপীয়া তৰা, আকাশৰ বোৱঁতী নৈ

বাঢ়ি আহিব দিয়াঁনা

দুচকুত হেৰাই যোৱাঁনা

সাগৰৰ নাৱিক হোৱাঁনা

জাগি উঠিব দিয়াঁনা

বুকুতে শিপাই যোৱাঁনা

পথাৰৰ পলস হোৱাঁনা

উশাহৰ গভীৰ পিয়াহত আদৰৰ আঁচোৰ দিয়াঁনা

তুমি যেন পপীয়া তৰা, আকাশৰ বোৱঁতী নৈ

- It's already the end -